24 C
Guwahati
Tuesday, September 27, 2022
More

    মাজুলীত প্ৰথমবাৰৰ বাবে অনা মিচিং সকলৰ আলি আঃয়ে লৃগাং

    অসম আৰক্ষী সঞ্চালক প্ৰধান তথা শ্ৰীমন্ত ফাউণ্ডেশ‍্যনৰ অধ্যক্ষ ভাস্কৰ জ‍্যোতি মহন্তৰ এই বিশেষ প্ৰয়াস

    আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। অসমৰ ভূমিপুত্ৰ মিচিং সমাজে উদযাপন কৰিছে আলি আঃয়ে লৃগাং। মাজুলীত প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত ফাউণ্ডেশ‍্যনৰ উদ‍্যোগত উযাপন কৰা হৈছে আলি আঃয়ে লৃগাং।

    অনা মিচিং যুৱক-যুৱতী সকলেও মিচিং সাজপাৰ পৰিধান কৰি প্ৰদৰ্শন কৰিছে মিচিং নৃত্য। সম্পুৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পালন কৰিছে লৃগাং উৎসৱ।

    সমন্বয় গঢ়ি তোলাৰ উদেশ্যে মিচিং জনগোষ্ঠীৰ লোক আৰু অনা মিচিং সকলে মিলি উদযাপন কৰে এই লৃগাং। অসম আৰক্ষী সঞ্চালক প্ৰধান তথা শ্ৰীমন্ত ফাউণ্ডেশ‍্যনৰ অধ্যক্ষ ভাস্কৰ জ‍্যোতি মহন্তৰ এই বিশেষ প্ৰয়াস। বৰ্তমানে তেওঁ এই অনুষ্ঠানত উপস্থিত হৈ লৃগাং উপভোদ কৰিছে।

    Photo And Video Credit: Kalpajit Saikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং