ৰাতিপুৱাৰ ভাগতে অন্ধকাৰাচ্ছন্ন হৈ পৰিছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলা। পুৱাৰে পৰা বতৰে লৈছে অন্য এক ৰূপ। প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ৰাজ্যত।
গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যবাসীৰ বাবে ইতিমধ্যে জাৰী কৰিছে সতৰ্কতা। কিছু সময় পিছতে ৰাজ্যত আহি আছে প্ৰবল ধুমুহা আৰু শিলাবৃষ্টি।
২ বা ৩ ঘণ্টাৰ ভিতৰত প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা। মধ্য অসমৰ লগতে ৰাজ্যৰ অন্য কেইবাখনো জিলাক চুই যোৱাৰ সম্ভাৱনা এই প্ৰবল ধুমুহা আৰু বৃষ্টিপাতে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে নগাঁও, কামৰুপ, নলবাৰী, বৰপেটা, গোৱালপাৰা আদি জিলালৈ।
Photo Credit: Toowoomba Chronicle