দেশৰ অৰ্থনীতি উদ্ধাৰৰ বাবে কেন্দ্ৰই কেইবাটাতো বৃদ্ধি কৰিছে জি এছ টি। এলকহলৰ পিছত এইবাৰ দেশৰ সাধাৰণ জনতাক মাধমাৰ শোধাই জি এছ চি বৃদ্ধি কৰিছে হেণ্ড ছেনিটাইজাৰৰ।
এইবাৰ হেণ্ড চেনিটাইজাৰত চৰকাৰে লগাব ১৮ শতাংশ জি এছ টি।
যি ছেনিটাইজাৰ বৰ্তমানে কেৱল দেশতেই নহয় সমগ্ৰ বিশ্বৰে বাবে এক অপৰিহাৰ্য অংগ হৈ পৰিছে। কৰ’ণাৰ বীজাণুৰ পৰা সুৰক্ষাৰ ঢাল হিচাপে ব্যৱহাৰ হৈছে ছেনিটাইজাৰ।
এতিয়া সেই কৰ’ণাৰ প্ৰধান ঢালতেই ভাৰতৰ চৰকাৰে জি এছ টি বৃদ্ধিৰ বাবে যো জা চলাইছে।
যাৰ ফলত এতিয়া কৰ’ণা প্ৰতিৰোধী অন্যতম এই হেণ্ড চেনিটাইজাৰৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত।
Authority for Advance Rulingএ জনোৱা অনুসৰি বৰ্তমান জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰা হেণ্ড চেনিটাইজাৰত ১৮ শতাংশ জি এছ টি প্ৰয়োগ কৰা হ’ব।
হাইজেনিক প্ৰডাক্ট কেটেগৰীৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে ই অতীৱ প্ৰয়োজনীয় পণ্য হ’লেও জি এছ টিৰ অন্তভুৰ্ক্ত হ’ব।
হেণ্ড চেনিটাইজাৰ জি এছ টিৰ শ্ৰেণীভুক্ত হ’ব নে নহয় তাৰবাবে স্প্ৰিংফিল্ড ইণ্ডিয়া ডিষ্টিলাৰিজ-এ (Springfields (India) Distilleries) অৰ্থৰিটি ফৰ এডভান্স ৰুলিঙৰ(Authority for Advance Rulings (AAR)) সৈতে যোগাযোগ কৰিছিল।
তাৰবাবে স্প্ৰিংফিল্ড ইণ্ডিয়া ডিষ্টিলাৰিজৰ(Springfields (India) Distilleries) এক আবেদনৰ উত্তৰত অৰ্থৰিটি ফৰ এডভান্স ৰুলিঙ(Authority for Advance Rulings (AAR))-এ হেণ্ড চেনিটাইজাৰক এবিধ বহুল বিক্ৰী হোৱা পণ্য হিচাপে জি এছ টিৰ অন্তভুৰ্ক্ত কৰিব পাৰি বুলি জনাইছে।
Photo Credit: New India Express