25 C
Guwahati
Thursday, October 21, 2021
More

    মই অসহায়, বুকুখন ঢপঢপাইছে, অখিল মোৰ ওচৰলৈ আহঃ পুত্ৰক কাষত বিচাৰি অসুস্থ প্ৰিয়দা গগৈয়ে কান্দিছে

    ‘মোৰ বুকুখন ঢপঢপাই আছে। মই কি কৰিম, অসহায় হৈছো।’ পুত্ৰ কাৰাগাৰৰ অন্ধকাৰ কোঠাত। ক্ৰমাৎ অসুস্থ হৈছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। উচ্চ ৰক্ত চাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈছে তেওঁ। পুত্ৰক এই সময়ত কাষত নাপাই ভাগি পৰি শনিবাৰে অখিলৰ মাতৃয়ে এনেদৰে কয়।

    তেওঁ অতি দুখ মনেৰে কয়, ‘মোৰ লৰাটোক পঠিযাই দিয়ক। আমাৰ কথা নুশুনে চৰকাৰে। মোৰ লৰাটোক মাৰিব বিচাৰিছে। মই কেনেকৈ অকলে থাকো।’ বিগত কিছু দিন ধৰি প্ৰায় দুৰ্বল হৈ আছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ।

    পুত্ৰক কাষত বিচাৰি আক্ষেপেৰে প্ৰিয়দা গগৈয়ে কয়, তাক বন্দী কৰি এইবোৰ ইহঁতি (চৰকাৰে) ধন ঘটাৰ বাবে উপায় উলিয়াই লৈছে। তাক মোৰ কাষলৈ পঠিয়াই দিয়ক বুলিও কয় বৃদ্ধাগৰাকীয়ে।

    ‘আমাৰ তাক টকা-পইচা নালাগে। আমাকো নালাগে। পঠিয়াই দিয়ক তাক। নাতি লৰাটোও আছে নহয়। চাকৰি এটা ঘৰত আছে সেয়াৰে খাব।’

    পুৱাৰে পৰা বিচনাতে শুই আছে অখিল গগৈৰ মাতৃ। ইজন-সিজনকৈ শুভাকাংক্ষীসকলে খবৰ লবলৈ আহিছে। সকলোৱে কেৱল পৰিয়ালৰ খবৰ লৈছে। কৈছে, ‘আপুনি শুইয়ে নাথাকিব, মাজে মাজে উঠি বহিব।’ দুৰ্ভগীয়া বৃদ্ধিগৰাকীয়ে অসহায় হৈ কৈছে, ‘মই একেবাৰেই দুৰ্বল।’

    কাৰোৰে পৰা তেওঁ একোকে সহায় নোপোৱাৰ কথাও কয়। ‘এদিন এমএলএ এগৰাকী আহিছিল। শিৱসাগৰত থাকোতে আগতে তাৰ লগত কথা পাতিছিলো। এতিয়া মাত শুনিবলৈ নাই। ছুগাৰ আৰু প্ৰেছাৰ আছে মোৰ। অৱশ্যে আজি কালিৰ তুলনাত প্ৰেছাৰ কিছু কমিছে।’

    পুত্ৰ অখিলৰ মুক্তি বিচাৰি তেওঁ কয়, ‘মোৰ কৈ কৈ আমনি লাগিছে আৰু। চৰকাৰক কি ক’ম। এগৰাকী মাতৃ হিচাপে ইমান কথা ক’লো, এবাৰো নুশুনিলে। কি হয় নাজানো। হিমন্ত বিশ্ব আৰু সৰ্বানন্দই ভোটৰ বাবে মিছাকৈ তাক লব খুজিছে লওঁক। মোৰ লৰা মৰিলে সিহঁতিয়ে জগৰীয়া হ’ব।’

    উল্লেখ্য যে, ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ইটোৰ-পিছত সিটো গোচৰত গ্ৰেপ্তাৰ হৈ আছে কৃষক নেতা অখিল গগৈ। বৰ্তমান তেওঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ। কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰাবন্দীসকলক মুক্তি দিয়া হৈছে যদিও ৰাজ্যত হোৱা প্ৰৱল প্ৰতিবাদৰ পিছতো মুক্তি লাভ কৰা নাই অখিল গগৈয়ে।

    ইতিমধ্যে তেওঁৰ কভিড পৰীক্ষাও কৰা হৈছে। ফলাফল নিগেটিভ আহিছে যদিও আন একাংশ লোকৰ লগতে পুত্ৰক মুক্তি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছে মাতৃ প্ৰিয়দা গগৈয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং