গুৱাহাটী কাৰাগাৰত বন্দী কৃষক নেতা অখিল গগৈক শিৱসাগৰলৈ এখন কলা গ্লাছ লগা বগা ৰঙৰ জায়লো গাড়ীত আনিলে শিৱসাগৰ আৰক্ষীয়ে।শিৱসাগৰ সদৰ থানাৰ চাৰি দিনীয়া আলহী কৃষক নেতা অখিল গগৈৰ বাবে কম্বল, গাৰু, বাল্টি, মগ আদি বিভিন্ন লাগতিয়াল সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰি শিৱসাগৰ সদৰ থানাত আগতীয়াকৈ মজুত কৰি ৰাখিছে। চাৰিদিনীয়া আলহী কৃষক নেতা অখিল গগৈক ৰাখিবলৈ শিৱসাগৰ আৰক্ষীয়ে নিৰ্মীয়মান শিৱসাগৰ সদৰ থানাৰ দ্বিতীয় মহলত এক বিশেষ কোঠা ঠিক কৰিছে।
নিৰাপত্তাৰ খাতিৰত শিৱসাগৰ সদৰ থানাৰ চাৰিওফালে স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে শিৱসাগৰ আৰক্ষীয়ে।গুৱাহাটীৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক অনা হ’ল শিৱসাগৰলৈ। ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত শিৱসাগৰত উপস্থিত হৈ অখিল গগৈয়ে এক বৃহৎ জন আন্দোলনৰ সূচনা কৰিছিল।সেই বিষয়ক কেন্দ্ৰ কৰি শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল শিৱসাগৰ সদৰ থানাত।
থানাত ৰুজু হোৱা ১৩৪৪/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত মংগলবাৰে শিৱসাগৰৰ আদালতে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ আদেশ দিয়াৰ লগতে চাৰি দিনৰ ন্যায়িক জিম্মা মঞ্জুৰ কৰিছিল।সেইসূত্ৰে আজি কাহিলিপুৱা অখিল গগৈক শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটীৰ জেলৰ পৰা আনি শিৱসাগৰত উপস্থিত হয়।
অখিলক ডিচেম্বৰ মাহৰ জন আন্দোলন সন্দৰ্ভত জেৰা কৰা হ’ব।উল্লেখযোগ্য যে নিয়া গোচৰৰ পৰা জামিন লাভ কৰাৰ পিছতে অখিলক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।অখিল গগৈক সদৰ থানালৈ অনাৰ সময়ত থানাৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে কৃষক মুক্তিৰ সদস্যই।অখিলক চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি চৰকাৰৰ ওপৰত অভিযোগ কৰিছে কৃষক মুক্তিয়ে।
Photo Credit: Time8