32 C
Guwahati
Friday, September 30, 2022
More

    CAB গৃহীত কৰাই নহয় NRC নাকচ কৰিব বিচাৰিছে RSS-BJPয়েঃ অখিল গগৈ

    গান্ধীৰ আদৰ্শক হত্যা কৰি বিজেপিয়ে মৌলবাদ, ফেচিবাদ ৰাজনীতি আৰম্ভ কৰিছে- এই মন্তব্য় অখিল গগৈৰ

    গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে ঘোষণা কৰিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবয়ে। আগন্তুক শীতকালীন অধিৱেশনত বিধেয়কখন গৃহীত কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে।- নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেলত মন্তব্য কৃষক নেতা অখিল গগৈৰ।

    জাতিটোক ৰক্ষা কৰিবৰ বাবে সকলো একেলগ ওলাই আহি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰা উচিত। সকলো ৰাজনৈতিক, বাঁওপন্থী, সকলো দল-সংগঠনক আহ্বান গগৈৰ। গান্ধীৰ আদৰ্শক হত্যা কৰি বিজেপিয়ে মৌলবাদ, ফেচিবাদ ৰাজনীতি আৰম্ভ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে ১কোটি ৭০ লাখ বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। কেৱল নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাই নহয় NRC নাকচ কৰিব বিচাৰিছে RSS আৰু BJPয়ে। – মন্তব্য কৃষক নেতাগৰাকীৰ।

    ২০১৪ চনৰ ১৬ মে’ৰ পিছত সকলো বাংলাদেশীয়ে টালি টোপোলা বান্ধি পলাব লাগিব বুলি কোৱাৰ বিপৰীতে বিজেপিয়ে কাম কৰা পৰিলক্ষিত হৈছে। হিন্দু বাংলাদেশীক বিজেপিয়ে বৰপিৰাহে পাৰি দিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৃষক মুক্তিয়ে ১১ অক্টোবৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হ’ব বিশাল গণ সমাৱেশ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং