আদালতৰ ৰায় অৱমাননা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্বই আবুল টাবুল বলকিছে বুলিও মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে। সাৰদা কেলেংকাৰী আৰু পানী যোগানৰ কেলেংকাৰী সৈতে জড়িত থকাৰ দাবী গগৈৰ।
‘তেনে প্ৰেক্ষাপটত মই তেওঁক কেলেংকাৰী জড়িত থকা বুলি কোৱাৰ পিছত মোৰ বিৰুদ্ধে কেনেকৈ মানহানি গোচৰ তৰিছে।’- সংবাদ মাধ্যমৰ আগত অভিযোগ অখিল গগৈৰ।
‘জালুকবাৰী থানাৰ অন্তৰ্গত অবৈধ চুপাৰি ২৮খন গাড়ী ধৰা পৰিছে, ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষী সষ্টম হোৱাৰ পিছত কেনেকৈ গুৱাহাটী সোমালে অবৈধ চুপাৰি ট্ৰাক।’- এই বুলি প্ৰশ্ন উত্থাপন কৃষক নেতাগৰাকীৰ।
অবৈধ চোৰাং গাড়ীসমূহত অস্ত্ৰ-শস্ত্ৰ থাকিব বুলিও অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে।
Guwahati | Edited by: Dulu Medhi | First Published: Aug 22, 2019