27 C
Guwahati
Wednesday, October 13, 2021
More

    গাখীৰ খুৱাই মুছলিম কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতিয়ে অনশন ভংগ কৰালে অখিল গগৈৰ মাতৃৰ

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ কথা নুশুনে বুলি ক্ষোভ প্ৰকাশ

    কৃষক নেতা অখিল গগৈৰ মাতৃৰ অনশন ভংগ। ‘কা’ বাতিল আৰু পুত্ৰৰ মুক্তিৰ দাবীত শুকুৰবাৰৰ পুৱাৰ পৰা অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে নিজ বাসগৃহৰ চোতালতে বহিছিল আমৰণ অনশনত। ‘নিয়া’ৰ জিম্মাত থকা অখিলক মুক্তি কৰি দিবৰ বাবে মাতৃ প্ৰিয়দা গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি কাতৰ অনুৰোধ জনাইছিল। আনহাতে ‘কা’ বাতিল আৰু পুত্ৰ অখিল গগৈক চৰকাৰে বিনা চৰ্তে মুক্তি নিদিয়া পৰ্যন্ত অনশন চলাই যাম বুলি ঘোষণা কৰিছিল।

    ৮১ বৰ্ষীয়া প্ৰিয়দা গগৈ কেইবাটাও ৰোগত আক্ৰান্ত হৈ থকাত শনিবাৰে নিশাৰ পৰা স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। পৰিয়ালৰ লোক, লুখুৰাখন গাঁওবাসী তথা দল সংগঠনৰ অনুৰোধত প্ৰিয়দা গগৈয়ে দেওবাৰে বিয়লি সাময়িকভাৱে অনশন ভংগ কৰে।

    গা ভাল পালে পুনৰ অনশন কাৰ্যসূচী গ্ৰহণ কৰিম বুলি কোৱা প্ৰিয়দা গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ কথা নুশুনে বুলি ক্ষোভ প্ৰকাশ কৰে। প্ৰিয়দা গগৈক আজি এগিলাচ গাখীৰ খুৱাই অনশন ভংগ কৰোৱাই উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বৰাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং