কাৰাগাৰতে ৭ পৃষ্ঠা জোৰা পত্ৰ লিখিলে অখিল গগৈয়ে। পত্ৰখন লিখাই সাংবাদিকৰ হাতত তুলি দিলে। পত্ৰখনৰ প্ৰথমটো পৃষ্ঠাত লিখা আছে- অসমৰ জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দলৈ মুকলি চিঠি।

প্ৰতীকী আন্দোলন নহয়, এতিয়া বাধ্য কৰিব পৰা আন্দোলনহে লাগে। অসমৰ ৰাইজলৈ আহ্বান পত্ৰ যোগেৰে। আন্দোলন লক্ষ্যহীন, লেহেমীয়া আৰু দীঘলীয়া হৈছে বুলিও ক’লে অখিল গগৈয়ে।






উল্লেখ্য যে আজি পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক। চানমাৰীস্থিত NIA বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল কৃষক নেতাগৰাকীক।