27 C
Guwahati
Monday, November 29, 2021
More

    কাছাৰ কাগজকল কৰ্মীৰ পৰিয়ালক সাহায্য আজমল ফাউণ্ডেচনৰ

    যোৱা ৪০টা মাহে দৰমহা হোৱা নাই এইসকল কৰ্মচাৰীৰ

    কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতেই বিগত ২ মাহৰ পৰা লকডাউন চলি আছে। কিন্তু হাইলাকান্দি জিলাৰ পাঁচগ্রামত থকা কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে এই লকডাউন চলি আছে যোৱা তিনি বছৰৰ পৰা। কাৰণ কাগজকল বন্ধ থকাৰ বাবে যোৱা ৪০টা মাহৰ পৰা দৰমহা পোৱা নাই এইসকল কৰ্মচাৰীয়ে।

    ইয়াৰ ওপৰতে আকৌ বৰ্তমানে চলি থকা লকডাউনৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে কাগজ কলৰ শ্ৰমিক তথা কৰ্মচাৰীৰ পৰিয়ালৰ। কাগজকল কৰ্মীৰ পৰিয়ালৰ এই দুৰ্দিনত সহায়তাৰ হাত আগবঢ়াইছে আজমল ফাউণ্ডেচনে।

    আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে আজমল ফাউণ্ডেচনৰ সহায়ত কাগজ কল কৰ্মচাৰীৰ ২৫০ পৰিয়ালৰ হাতত তুলি দিয়ে খাদ্য সামগ্ৰী। পাঁচগ্ৰাম কাগজ কলৰ পৰিয়ালৰ সৈতে নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ পৰিয়ালকো সাহায্য কৰা হৈছে বুলি জনাইছে আজমল ফাউণ্ডেছনৰ কৰ্মকৰ্তা সকলে।

    Photo Credit: @bidhansen

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং