জনতাৰ দুৰ্যোগৰ সময়ত বহু সুহৃদয় লোক আগবাঢ়ি আহি জনতাক সহায়ৰ হাত আগবঢ়াইছে। কামৰূপৰ পছৰীয়াত ১৩০০ পৰিয়ালৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰি গৃহবন্দী পৰিয়াল সমূহক সকাহ দিয়াৰ চেষ্টা উদ্যোগপতি অজয় জাগতিৰ।

চাউল,মিঠাতেল,নিমখ,ডাইল চেনী আদি বিতৰণ কৰি লক ডাউন মানি চলিবলৈ ৰাইজক সজাগ কৰিলে উদ্যোগপতিগৰাকীয়ে। পছৰীয়াৰ স্থানীয় লোকসকলৰ লগতে পছৰীয়াৰ ভাড়া ঘৰত থকা লোকসকলকো বিতৰণ কৰে খাদ্য সামগ্ৰী। জনতাৰ এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াই সকাহ দিয়া অজয় জগতিক ধন্যবাদ ভিন্ন জনৰ।
Photo: Time8