22 C
Guwahati
Tuesday, October 26, 2021
More

    আজাৰাত শিল্পী সমাজৰ “গণ জাগৰণ সভা”

    সভাত উপস্থিত থাকে শিল্পী মহেন্দ্ৰ হাজৰিকা, সংগীত পৰিচালক মানস হাজৰিকা, ইবছন লাল বৰুৱা, নাট্যকাৰ হিমাংশু প্ৰসাদ দাস আদি

    নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজাৰাত শিল্পী সমাজৰ উদ্যোগত অনুস্থিত হয় “গণ জাগৰণ সভা”। ৰাজ্যৰ লগতে দেশৰ চৌদিশে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ছাত্ৰ সমাজ, সাধাৰণ নাগৰিক তথা শিল্পী সমাজে নিৰন্তৰ বিভিন্ন প্ৰতিবাদ কৰি আছে। তাৰ সমান্তৰাল ভাৱে আজি ৰবিবাৰে আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাঙ্গনত ৰাতিপুৱা ১০:৩০ বজাৰ পৰা আজাৰা শিল্পী সমাজৰ উদ্যোগত কা(CAA) বাতিলৰ দাবীত গীতেৰে, ছৱিৰে, কবিতাৰে, কথাৰে “গণ জাগৰণ সভা” শীৰ্ষক এখনি অনুষ্ঠান আয়োজন কৰে।

    উক্ত অনুষ্ঠানত অসমৰ স্বনামধন্য শিল্পী মহেন্দ্ৰ হাজৰিকা, চাজু, দিলীপ দাস, সংগীত পৰিচালক মানস হাজৰিকা, ইবছন লাল বৰুৱা, নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ উপৰিও বহুতো শিল্পী কলাকৌশলী তথা সাধাৰণ ৰাইজে অংশ গ্ৰহণ কৰে।উপস্থিত শিল্পী সকলে গান কথা কবিতা আদিৰ মাজেৰে CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শেহতীয়া ভাৱে চৰকাৰে জনসাধৰণৰ প্ৰতি আগবঢ়োৱা প্ৰলোভনৰ পৰা ৰাইজক সজাগ থাকিবলৈ আহ্বান জনায়।

    Photo Credit: @dulankalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং