AIUDFৰ বিধায়ক অনন্ত কুমাৰ মালোৰ নাম নাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকাত। লগতে নাম নাহিল বিধায়কগৰাকীৰ পুত্ৰৰো। বঙাইগাঁও জিলাৰ দক্ষিণ অভয়াপুৰীৰ বিধায়ক অনন্ত কুমাৰ মালো।
১০ বজাৰ লগে লগে আজি প্ৰকাশ পালে বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগিৰকপঞ্জীৰ চূড়ান্ত তালিকা আৰু মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হ’ল এই তালিকাত।
ইয়াৰ বিপৰীতে NRCৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭গৰাকী লোকৰ নাম। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১গৰাকী। তালিকাৰ পৰা বাদ পৰা অন্যতম অভয়াপুৰীৰ বিধায়ক আৰু তেওঁৰ পুত্ৰ।