25 C
Guwahati
Wednesday, October 20, 2021
More

    ৰণক্ষেত্ৰ হাইলাকান্দিৰ AIUDF কাৰ্যালয়, হাতত চকী লৈ কাজিয়াত লিপ্ত কৰ্মী

    এই সন্ধৰ্ভত কোন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই AIUDFৰ নেতা সকলে

    ৰণক্ষেত্ৰত পৰিণত হাইলাকান্দিৰ এ আই ইউ ডি এফ কাৰ্যালয়। দুই ফৈদৰ সংঘাতত উত্তাল হৈ পৰে জিলা AIUDF’ৰ সদৰ কাৰ্যালয়। সাংগঠনিক নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘাতত লিপ্ত AIUDF কৰ্মী আৰু সমৰ্থক সকল।

    দলীয় সভাপতি সম্পাদকৰ সন্মুখতেই হাতত চকী লৈ কাজিয়াত লিপ্ত কৰ্মী। ব্লক পৰ্যায়ৰ সাংগঠনিক সমিতি গঠন কৰাৰ বাবে দেওবাৰে হাইলাকান্দি AIUDF জিলা কাৰ্যালয়ত আয়োজন কৰা হৈছিল সাংগঠনিক সভাৰ।

    কিন্তু হঠাতে ৰণক্ষেত্ৰত পৰিণত হয় সভাৰ থলী। সাংগঠনিক পদত নিজ প্ৰাৰ্থীৰ সমৰ্থনত দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ কাজিয়াৰ। মুহুৰ্তৰ ভিতৰতে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। পিছত জিলা সমিতিৰ বিষয়বীয়াৰ হস্তক্ষেপত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। কিন্তু এই সন্ধৰ্ভত কোন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই AIUDFৰ নেতা সকলে।

    Photo Credit: @Twitter and Bidhan Sen

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং