27 C
Guwahati
Wednesday, October 13, 2021
More

    হঠাৎ আবেগিক বদৰুদ্দিন আজমল, কেমেৰাৰ সন্মুখতেই হুকহুকাই কান্দিলে

    অসমীয়া জাতিৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে সকলো এক হ'ব লাগিব নহ'লে ৰাজনীতিয়ে অসমক টুকুৰা টুকুৰ কৰি পেলাব বুলি হোজাইত অনুষ্ঠিত সংবাদমেলত মন্তব্য কৰে AIUDF প্ৰধানগৰাকীয়ে

    অসমীয়া ভাষাৰ অস্তিত্বক লৈ আবেগিক হৈ পৰা AIUDFৰ মুৰব্বী তথা সাংসদ বদৰুদ্দি আজমলৰ চকুত চকুলো। ৰাজনীতিয়ে অসমক টুকুৰা টুকুৰ কৰিছে বুলি কয় কেমেৰাৰ সন্মুখতেই হুকহুকাই কান্দি উঠে আজমল।

    অসমীয়া জাতিৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে সকলো এক হ’ব লাগিব নহ’লে ৰাজনীতিয়ে অসমক টুকুৰা টুকুৰ কৰি পেলাব বুলি হোজাইত অনুষ্ঠিত সংবাদমেলত মন্তব্য কৰে AIUDF প্ৰধানগৰাকীয়ে। সংবাদমেলত সংগ দিছিল অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সম্পাদক পদুম ৰাজখোৱাই।

    অসমীয়া ভাষাক লৈ ৰাজনীতিকৰণ হোৱাৰ অভিযোগ উত্থাপন কৰি উচুপি উঠে সাংসদগৰাকী। উল্লেখযোগ্য যে হোজাইৰ আজমল ফাউণ্ডেচনৰ উদ্যোগত মৰিয়ম আজমল ছাইঞ্চ এণ্ড টেকন’লজি মহাবিদ্যালয়ত অনুষ্ঠিত আজমল ছুপাৰ ৪০ আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানৰ শেষত সম্বোধন কৰিছিল সংবাদমেলখন। আজমল ছুপাৰ ৪০ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সাংসদ বদৰুদ্দিন আজমল আৰু অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সম্পাদক পদুম ৰাজখোৱাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং