26 C
Guwahati
Wednesday, September 28, 2022
More

    ৬টাকৈ বিমানবন্দৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্তক বিৰোধিতা, বৰঝাৰত তীব্ৰ প্ৰতিবাদ

    কেন্দ্ৰ চৰকাৰৰ কেৱিনেটৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে Airport Authority Employees Union-এ

    কেন্দ্ৰীয় চৰকাৰে দেশৰ ৬টা বিমানবন্দৰৰ লগতে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰটো ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে Airport Authority Employees Union-এ।

    কেন্দ্ৰ চৰকাৰৰ কেৱিনেটৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে Airport Authority Employees Union-এ। এটা লাভজনক বিমানবন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ কেন্দ্ৰীয় চৰকাৰে যি পৰিকল্পনা লৈছে সেয়া কোনোপধ্যে মানি লোৱা নহ’ব বুলি মন্তব্য কৰি আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।

    উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তজাৰ্তিক বিমানবন্দৰটো কোনোপদ্ধেই ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ’ব বুলিও দাবী কৰে। কেন্দ্ৰীয় চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে কৰ্মচাৰীসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদত উত্তাল কৰিলে বিমান বন্দৰ চৌহদ।

    পৰৱৰ্তী সময়টো Airport Authority Employees Union-এ জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে বৰঝাৰৰ বিমানবন্দৰৰ নিবিদা লাভ কৰিছিল আদানী গ্ৰুপে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং