16 C
Guwahati
Wednesday, December 1, 2021
More

    অহা বৰ্ষৰ মাৰ্চত বিক্ৰী হ’ব চৰকাৰী Air India আৰু BPCL

    বিত্তমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে টুইটাৰ, ফেচবুককে আদি কৰি অন্যান্য সামাজিক মাধ্যমসমূহত বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। বিভিন্নজনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ সমালোচনা কৰিছে

    চৰকাৰী এয়াৰলাইন ’Air India’ আৰু তৈল প্ৰতিষ্ঠান ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটিড চমুকৈ ’BPCL’ ক বিক্ৰী কৰা হ’ব অহা বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত। চলিত বিত্তীয় বৰ্ষত ১ লাখ কোটি আহৰণ কৰাৰ লক্ষ্যৰে এই দুয়োটা কোম্পানী বিক্ৰী কৰাৰ কথা শনিবাৰে সদৰী কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

    অৰ্থনৈতিক মন্দাৱস্থা দূৰ কৰাই ইয়াৰ মূল লক্ষ্য বুলি উল্লেখ কৰি সীতাৰমণে কয় যে এয়াৰ ইণ্ডিয়া ক্ৰয় কৰাৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে যথেষ্ট উৎসাহ দেখুৱাইছে।

    বিত্তমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে টুইটাৰ, ফেচবুককে আদি কৰি অন্যান্য সামাজিক মাধ্যমসমূহত বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। বিভিন্নজনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ সমালোচনা কৰিছে।

    দেশৰ মন্দাৱস্থাৰ বাবে বহুতে কেন্দ্ৰীয় চৰকাৰকে জগৰীয়া কৰি কয় যে মোদী চৰকাৰৰ দিনত দেশৰ সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডক গতাই দিব বিচৰাটো চৰকাৰৰ একপ্ৰকাৰৰ হঠকাৰী সিদ্ধান্ত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং