27 C
Guwahati
Wednesday, October 13, 2021
More

    Breaking: সঠিক ভাবে নেতৃত্ব দিব নোৱাৰিলে দলৰ পৰা আঁতৰি যাব বৃন্দাবন গোস্বামীয়ে

    অসম গণ পৰিষদে ৰাজ্য সভাত নাগৰিকত্ব সংশোধনি আইনৰ পক্ষত ভোট দিয়াক লৈ প্ৰশ্ন এজিপিৰ নেতাগৰাকীৰ

    অসম গণ পৰিষদৰ নেতা বৃন্দাবন গোস্বামীৰ পুনৰ বিষ্ফোৰণ । সঠিক ভাবে নেতৃত্ব দিব নোৱাৰিলে আঁতৰি যাব দলৰ পৰা। এক সংবাদমেলযোগে এই কথা সদৰি কৰে এজিপিৰ নেতাগৰাকীয়ে। সংবাদমেলত নেতাগৰাকীয়ে কয় যে আমবাৰীৰ নেতৃত্বই কি কৰিছে সেইয়া তেওঁলোকৰ কথা।

    তৃণমূল কৰ্মীয়ে এতিয়া উত্তৰ বিচাৰিছে, ৰাজ্য সভাত নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত ভোট কিয় দিলে অসম গণ পৰিষদে। দলৰ নেতৃত্বই তৃণমূল কৰ্মীক আশ্বস্ত কৰক। ২২ খন জিলা সমিতিও আনকি আন্দোলনত নামিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰি । তেওঁৰ হাতত এই বিষয়ে সকলো ধৰণৰ সকলো খবৰ মজুত আছে।

    প্ৰফুল্ল কুমাৰ মহন্তইয়ো আজি CAA ৰ বিৰোধিতা কৰিছে। বৰ্তমানৰ নেতৃত্বই পুৰণি কথা আওৰাই নিজৰ দোষ বেলেগলৈ ঠেলি দিব নালাগে বুলিও সংবাদমেলযোগে কয় নেতাগৰাকীয়ে। লগতে ইয়াকো কয় যে পৃথিৱীৰ পৰা ৬০০ টা জাতি যি দৰে নোহোৱা হৈ গৈছে, অসমীয়াও লাহে লাহে সেই পৰ্যায়লৈ গৈ আছে। আনহাতে মুখ্যমন্ত্ৰীগৰাকী সৰ্বানন্দকো এই সংবাদমেলৰ জৰিয়তে কয়, তেওঁ যদি ভূমি পুত্ৰ অসম বাসীৰ কথা হৃদয়ংগম কৰক।

    Photo Credit : @jyotishpawanbordoloi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং