“কা”ৰ বিৰুদ্ধে আজি ৰাজ্যৰ জিলাই জিলাই ছাত্ৰ সংগঠন আছুৰ ‘ৰণশিঙা’। এই প্ৰতিবাদত সমবেত হৈছে হাজাৰ হাজাৰ জনতা। হাতে হাতে থলুৱা বাদ্য-যন্ত্ৰলৈ কৰি গৈছে “কা”ৰ প্ৰতিবাদ। মহানগৰীৰ গুৱাহাটী ক্লাৱ, ধেমাজিৰ কাছাৰী ময়দান আদিত তাল, খোল, ডবা, বৰকাহ, ঢোল, নাগাৰা আদি লৈ ৰাজপথত জনতা। আছু, সাধাৰণ জনতা লগতে শিল্পী সমাজৰ প্ৰতিবাদ।

ধেমাজিৰ কাছাৰী ময়দানত হোৱা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকিব আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আদি। বৰ্তমানে উপস্থিত হৈছে শিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি বহু জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৰ্গ।
photo: @abdulrajjak