গুৱাহাটীত এসপ্তাহৰ বাবে বৃদ্ধি কৰা হ’ব লকডাউন। শনিবাৰে সংবাদমেলযোগে এই কথা সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে মন্ত্ৰীগৰাকীয়ে লকডাউনৰ সময়ত কি কি নীতি নিয়ম বাহাল থাকিব সেই কথা ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণইহে বলৱৎ কৰিব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, গুৱাহাটত লকডাউন বঢ়াব লাগেনে সেই সম্পৰ্কত শুকুৰবাৰে মহানগৰীত এখন বৈঠক অনুষ্ঠিত হৈছিল। মহানগৰীৰ কেবাখনো নাগৰিক সমিতিৰ সৈতে কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু স্বাস্থ্য বিভাগ আলোচনাত বহিছিল।
এই বৈঠকৰ সময়ত নাগৰিক সমিতিয়ে ২ সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছিল। কিন্তু স্বাস্থ্য বিভাগে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সদ্যহতে এসপ্তাহ সময় লকডাউন দিয়াৰ পৰামৰ্শ দিয়ে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই সপ্তাহ লকডাউন দিয়াৰ পিছত তৃতীয় সপ্তাহত আংশিক লকডাউন থাকিব। চতুৰ্থ সপ্তাহত পৰিস্থিতি পৰ্যবেক্ষণ কৰি লকডাউন সম্পূৰ্ণৰূপে খুলি দিয়াৰ কথাও কয় মন্ত্ৰীগৰাকীয়ে।
Photo Credit: The Hills Times