26 C
Guwahati
Thursday, September 29, 2022
More

    চীনত আন এটা মহামাৰীৰ আশংকা, ধ্বংসলীলা হোৱাৰ সম্ভাৱনা; সতৰ্কবাণী জাৰি

    বৰ্তমান চীনত কেইবাপ্ৰকাৰৰৰ মহামাৰী বিয়পোৱাৰ খবৰ পোহৰলৈ আহি আছে।

    কিছু দিন পূৰ্বে স্বাইন ফ্লু বিয়পোৱাৰ খবৰৰ মাজতে আন এটা বেয়া খবৰ পোহৰলৈ আহিছে।

    দেওবাৰে উত্তৰ চীনৰ এখন চহৰত বুবনিক প্লেগ(Bubonic Plague)ৰ এটা সন্দেজনক ঘটনা পোহৰলৈ অহাৰ পিছত এলাৰ্ট জাৰি কৰা হৈছে।

    চীনৰ চৰকাৰী মিডিয়াই এই কথা জানিবলৈ দিয়ে।

    তৃতীয় স্তৰৰ সতৰ্কবাণী জাৰি

    Government People’s Daily Onlineৰ খবৰ অনুসৰি, Inner Mongolian Autonomous Region, Binnurয়ে

    প্লেগক বাধা আৰু নিয়ন্ত্ৰণ কৰিবলৈ তৃতীয় স্তৰৰ সতৰ্কবাণী জাৰি কৰিছে।

    বুবনিক প্লেগ(Bubonic Plague)ৰ সন্দেজনক ঘটনাটো শনিবাৰে বয়ন্নুৰৰ এখন হাস্পতালত পোহৰলৈ আহে।

    স্থানীয় স্বাস্থ্য কর্তৃপক্ষই ঘোষণা কৰা সতৰ্কবাণী ২০২০ৰ শেষলৈ থাকিব।

    স্থানীয় স্বাস্থ্য কর্তৃপক্ষই ক’লে যে, বৰ্তমান সময়ত এই চহৰখনত মানৱ প্লেগ মহামাৰী বিয়পোৱাৰ সম্ভাৱনা অধিক।

    ৰাইজৰ আত্মৰক্ষাৰ বাবে সচেতনতা আৰু ক্ষমতা বৃদ্ধি কৰিব লাগে আৰু অসামান্য স্বাস্থ্য স্থিতিৰ বিষয়ে তত্কলীনভাৱে জনোৱা প্ৰয়োজন।

    Photo Credit: www.financialexpress.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং