29 C
Guwahati
Monday, October 25, 2021
More

    পৃথিৱীলৈ বিপজ্জনক গতিৰে আহি আছে প্ৰকাণ্ড ধুমকেতু, বৈজ্ঞানিকৰ সতৰ্কবাণী

    নাছাই এই ধুমকেতুটোক ২০২০ এবি২ ৰূপে নামাকৰণ কৰিছে। নাছাই এই ধুমকেতুটোৰ বিষয়ে Asteroid tracking systemৰ জৰিয়তে জানিব পৰা গৈছে

    বছৰটোৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ সমাপ্ত হোৱাৰ পিছতো চন্দ্ৰ গ্ৰহণে দি থৈ গ’ল আন এক চিন্তা। চন্দ্ৰ গ্ৰহণৰ পিছত ডৱল ডেকাৰ বাছৰ পৰা দুগুণ আকাৰৰ এটা ধুমকেতু দ্ৰুতগতিৰে আগবাঢ়ি আহি আছে পৃথিৱীলৈ। খগোল বৈজ্ঞানিকসকলৰ এতিয়া মাত্ৰ এটা চিন্তাই হৈছে যে যদি এই ধুমকেতুটোৱে পৃথিৱীৰ সৈতে খুন্দা খাই তেন্তে বৃহৎ প্ৰলয় হোৱাৰ সম্ভাৱনা। ১২ জানুৱাৰীত এই ধুমকেতুটোৱে পৃথিৱীৰ কাষেৰে অতিক্ৰম কৰিব। পৃথিৱীলৈ আগবাঢ়ি অহা এই ধুমকেতুটোৰ বিষয়ে আমেৰিকাৰ NASAই জানিবলৈ দিয়ে। যিটো গতিত ধুমকেতুটো পৃথিৱী অভিমুখে আহি আছে যদি পৃথিৱীৰ যিকোনো এটা কোণত খুন্দা মাৰে তেন্তে চুনামীতকৈও ভয়ংকৰ প্ৰলয় হোৱাৰ সম্ভাৱনা।

    বৰ্তমান মহাকাশ বিজ্ঞানীসকল এই ধুমকেতুটোৰ দিশ অধ্যয়ন কৰাত ব্যস্ত হৈ পৰিছে। যদি এই ধুমকেতুটো পৃথিবীৰ কাষেৰে অতিক্ৰম কৰে তেন্তে কোনোধৰণৰ ক্ষতিসাধন নহয় যদিহে পৃথিৱীক স্পৰ্শ কৰে তেন্তে যথেষ্ট লোকচান হোৱাৰ সম্ভাৱনা। নাছাই জনোৱা তথ্য অনুসৰি ধুমকেতুটো দ্ৰুতগতিত আগবাঢ়িছে পৃথিৱী অভিমুখে। এই সন্দৰ্ভত নাছাই সতৰ্কতাও জাৰি কৰিছে।

    নাছাই এই ধুমকেতুটোক ২০২০ এবি২ ৰূপে নামাকৰণ কৰিছে। নাছাই এই ধুমকেতুটোৰ বিষয়ে Asteroid tracking systemৰ জৰিয়তে জানিব পৰা গৈছে।

    Photo credit: mnn.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং