26 C
Guwahati
Friday, October 7, 2022
More

    পুৱা বলীন চেতিয়া, দুপৰীয়া কৰ’ণাত আক্ৰান্ত হ’ল বদৰুদ্দিন আজমল-চিৰাজুদ্দিন আজমল, বিপদত প্ৰদান বৰুৱা

    শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ পিছত একেদিনাই অৰ্থাৎ শনিবাৰে কৰ’ণাত আক্ৰান্ত হ’ল এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল। আজমল কভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাজ্যৰ কেবাটাও সংবাদমাধ্যমত। জানিব পৰা অনুসৰি আজমলৰ লগতে ভাতৃ চিৰাজুদ্দিন আজমলো কৰ’ণাত আক্ৰান্ত হৈছে।

    বৰ্তমান দুয়োজনেই মুম্বাইত আছে বুলিও জানিব পৰা গৈছে। মুম্বাইৰ নিজা বাসগৃহত স্বাস্থ্যৰ যথেষ্ঠ অৱনতি ঘটাৰ বাবে এখন হাস্পতালত ভৰ্তি কৰাৰ পিছতে তেওঁলোকৰ দেহত কভিড পজিটিভ ধৰা পৰে। ইফালে দুয়োজনৰে স্বাস্থ্যৰ অৱনতি ঘটিছে যদিও শৰীৰত কৰ’ণাৰ কোনো লক্ষণে দেখা দিয়া নাই বুলিও এক সূত্ৰই দাবী কৰিছে।

    আনহাতে শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ দেহত কভিডৰ উপস্থিতিৰ কথা স্বাস্থ্য বিভাগে সদৰি কৰাৰ পিছতে বিধায়কগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। বিধায়কগৰাকীৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল ৭ জুলাইত। তাৰ পিছতে তেওঁ তেনেদৰেই কাকপথাৰৰ লগতে তিনিচুকীয়াৰ অন্যান্য প্ৰান্তলৈ যোৱাৰো অভিযোগ উঠিছে।

    ইতিমধ্যে চেতিয়াৰ মাকুমৰ ঘৰখন প্ৰশাসনে কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। ইফালে তেওঁৰ সংস্পৰ্শলৈ আহিছিল জিলাখনৰ কেবাগৰাকীও সাংবাদিক। তেওঁলোকৰো স্বাৱ সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে।

    জানিব পৰা অনুসৰি বলীন চেতিয়া কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে লখিমপুৰ আৱৰ্ত ভৱনত কোৱাৰেন্টাইনত আছে সাংসদ প্ৰদান বৰুৱা। যোৱা ৮ জুলাইত বিধায়ক গৰাকীৰ সৈতে একেলগে শদি‌য়া সমষ্টি পৰিভ্ৰমণ কৰিছিল সাংসদ প্ৰদান বৰুৱাই।

    ইতিমধ্যে সাংসদ গৰাকীৰ লগতে ব্যক্তিগত সচিব, দেহৰক্ষী আৰু চালকৰ স্বাৱ সংগ্ৰহ কৰা হৈছে। ফলাফল নহালৈকে সাংসদ গৰাকীৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। আৱৰ্ত ভৱনতে আৱদ্ধ হৈ থাকিবলগা সাংসদগৰাকীক কোনো ব্যক্তিয়ে এই কেইদিনত লগ কৰিব নোৱাৰিব।

    Photo Credit: Google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং