12.5 C
Guwahati
Saturday, January 29, 2022
More

    নিষিদ্ধ কৰাৰ পিছতো গাহৰিৰ লোভ এৰিব পৰা নাই তিতাবৰৰ একাংশই

    আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰা গাহৰিৰ মাংস সমূহ পুতি দিয়াৰ ব্যৱস্থা কৰিছে

    নিষিদ্ধ কৰাৰ পিছতো গোপনে চলিছে গাহৰি মাংসৰ বেপাৰ। একাংশই বৰ্তমানেও লোভ সামৰিব পৰা নাই গাহৰি মাংসৰ। লুকাই চুৰকৈ গাহৰী কাটি এতিয়া আলহী হ’ব লগা হ’ল ৰঙা ঘৰৰ।

    যোৰহাটৰ চহৰ তিতাবৰৰ বোকাহোলা চাহ বিগিচা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। নিষিদ্ধ কৰাৰ পিছতো এটা অসাধু চক্ৰই চলাই আহিছিল এই মাংসৰ বেপাৰ। পুৱাই তিতাবৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাহৰিৰ মাংস। লগতে আটক কৰে এজন বেপাৰী।

    ৰাজ্য চৰকাৰে গাহৰিৰ মাংসৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰাৰ পিছতো একাংশ অসাধু ব্যক্তিয়ে নিজৰ লাভালাভৰ কথা চিন্তা কৰি এনেদৰে চলাই আহিছে মাংসৰ বেপাৰ। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰা গাহৰিৰ মাংস সমূহ পুতি দিয়াৰ ব্যৱস্থা কৰিছে।

    Photo Credit: @sajidhussain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং