21 C
Guwahati
Friday, January 28, 2022
More

    ৪২ দিন পুনেৰ পৰা চাইকেল চলাই আহি কাজিৰঙাত উপস্থিত ৬যুৱক

    আৰ্থিক সংকটত ভুগি খাবলৈ আৰু ঘৰ ভাড়া দিবলৈয়ো পইচা নথকাত চাইকেল লৈয়ে যাত্ৰা কৰে অসমলৈ বুলি

    প্ৰায় ৪২ দিনজোৰা এক যাত্ৰাৰ অন্তত নিজ মাতৃভূমিত উপস্থিত অসমৰ কেইবাজনো যুৱক। ২৭ জনীয়া এটা দলে যাত্ৰা আৰম্ভ কৰিছিল মহাৰাষ্ট্ৰ পুনেৰ পৰা। যোৱা ১৩ এপ্ৰিলত আৰম্ভ কৰা এই যাত্ৰাৰ পিছত ৪২ টা দিনৰ অন্তত শেষৰটো দল উপস্থিত হয় নিজ মাতৃভুমি কাজিৰঙাত।

    ২২ মে’ৰ দিনা গুৱাহাটীত উপস্থিত হৈছিল দলটো। আৰম্ভণিতে ২৭ জন বন্ধুই একেলগে যাত্ৰা আৰম্ভ কৰি একেবাৰে শেষত এই ৬ জনে সুস্থ শৰীৰে আজি উপস্থিত হয় কাজিৰঙাত। কৰ্মসূত্ৰে মহাৰাষ্ট্ৰৰ পুনেত থকা গোলাঘাট আৰু যোৰহাটৰ যুৱককেইজনে লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল ৰাজ্যখনত। পিছত আৰ্থিক সংকটত ভুগি খাবলৈ আৰু ঘৰ ভাড়া দিবলৈয়ো পইচা নথকাত চাইকেল লৈয়ে যাত্ৰা কৰে অসমলৈ বুলি।

    যুৱককেইজন ক্ৰমে, দিগন্ত দলে(২৬), ৰাজীৱ পেগু(২০), মুমুল চাকিয়াল(২২), বাবুল চাকিয়াল(২৩), নৰেন পেগু(২১) আৰু কান্ত শৰণ(২২)।

    আজি যুৱক কেইজনে উপস্থিত কাজিৰঙাত উপস্থিত হোৱাৰ পিছতে কহঁৰাত তেওঁলোকক কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে দণ্ডাধীশ শান্তনু গগৈয়ে৷ আনহাতে স্বাস্থ্য পৰীক্ষাৰ বাবে আদৰ্শ চিকিৎসালয়ত উপস্থিত হয় যুৱকৰ দলটো। তেওঁলোকৰ তথ্য ও স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছতে এখন এম্বুলেঞ্চৰ জৰিয়তে যুৱককেইজনক দেৰগাঁও আৰু কাকডোঙাৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে।

    Input and Photo Credit: @Kishan Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং