এক সুদীৰ্ঘ সময়ৰ পিছত গুৱাহাটী প্ৰেছ ক্লাবত গঠন হ’ল নতুন কমিটী। বিগত ১৭ টা বছৰে কোনো সালসলনি নোহোৱাকৈ সম্পাদক শ্ৰী নৱ ঠাকুৰীয়াৰ তত্বাৱধানত চলি আছিল গুৱাহাটী প্ৰেছ ক্লাবটো। পিছে বহু বছৰৰ অন্তত ১২ মাৰ্চ ২০২০ বৃহস্পতিবাৰে অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন।
গুৱাহাটীৰ সকলো সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক তথা সংবাদকৰ্মীসকল দলে–বলে ওলাই আহি ভোট দিয়ে নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থী সকলক। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ চলে এই ভোটগ্ৰহণ। প্ৰেছ ক্লাৱৰ এই নিৰ্বাচনত মুঠ ভোটাৰ সংখ্যা আছিল ৮১৬গৰাকী। বেলট বাকচত পৰিল ৯৩.৪৪ শতাংশ ভোট।
দিনৰ ভাগত হোৱা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হয় বিয়লি ৫ বজাৰ পৰা আৰু ওৰেটো নিশা চলে এই গণনা প্ৰত্ৰিয়া। ভোটগণনা চলি থকাৰ সময়ত গোটেই নিশা প্ৰেছ ক্লাবৰ বাকৰিত ভিৰ কৰে বহুতো সংবাদকৰ্মীয়ে। অৱশেষত বহু উৎকণ্ঠাৰ অন্ত পেলাই পুৱতিনিশাহে ঘোষণা হ’ল ফলাফল।

ঘোষিত ফলাফল অনুসৰি, সভাপতি পদত মনোজ নাথ, উপ–সভাপতি পদত ধনীৰাম কলিতা, উপ–সভাপতি (মহিলাৰ বাবে সংৰক্ষিত) পদত মৌচুমী শৰ্মা বৰুৱা, সাধাৰণ সম্পাদক পদত সঞ্জয় ৰয়, সহকাৰী সাধাৰণ সম্পাদক পদত মনীন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত) পদত মনীষা কলিতা, সাংগঠনিক সম্পাদক পদত ৰাজু বৰুৱা, কোষাধ্যক্ষ পদত নয়ন প্ৰতিম কুমাৰ, সাংস্কৃতিক সম্পাদক পদত পল্লৱী বৰা আৰু ক্ৰীড়া সম্পাদক পদত ধীৰাজ হাজৰিকাই জয়লাভ কৰে।
Photo Credit: Time8