আফগানিস্তানৰ নংগৰহাৰত শুকুৰবাৰে ২টাকৈ বোমা বিস্ফোৰণ হয়। বিস্ফোৰণত ১৮ গৰাকী লোক নিহত হোৱাৰ লগতে ৫০ গৰাকী লোক আহত হয়। স্থানীয় সংবাদমাধ্যৰ বাতৰি অনুসৰি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে নংগৰহাৰস্থিত মছজিদত। নামাজৰ বাবে মছজিদটোত বহু লোক উপস্থিত আছিল। দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।
আৰক্ষী বিষয়াই জনোৱা অনুসৰি মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানলৈ কোনো সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণৰ কথা স্বীকাৰ কৰা নাই। দুদিন পূৰ্বে তালিবানে আফগানিস্তানৰ পূব ক্ষেত্ৰত সংঘটিত হোৱা ফিদায়ীন আক্ৰমণৰ কথা স্বীকাৰ কৰিছিল। এই বিস্ফোৰণ হৈছিল আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত। এই বিস্ফোৰণত আফগান সুৰক্ষা কৰ্মীৰ ২জন নিহত হৈছিল।