গৃহযুদ্ধৰ জুইত জ্বলি থকা আফগানিস্তানৰ ৰাজধানী কাবুলত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানত ভয়ংকৰ বোমা বিস্ফোৰণ। এই বিস্ফোৰণত প্ৰায় ৬৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮২ গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়।
স্থানীয় মিডিয়াই জনোৱা মতে এই বিস্ফোৰণ শনিবাৰে মাজনিশা সংঘটিত হৈছিল। বিস্ফোৰণত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।
গৃহ মন্ত্ৰালয়ৰ প্ৰবক্তা নছৰত ৰহিমিয়ে ক’লে যে আহত লোকসকলৰ ভিতৰত আছে শিশুসহ মহিলা। লগতে তেওঁ ক’লে যে বৰ্তমান এই বিস্ফোৰণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই। হাজাৰতকৈও অধিক লোক উপস্থিত আছিল বিবাহস্থলীত।
৮ আগষ্টতো নিহত হৈছিল ১৪ গৰাকী লোক
চলিত মাহত কাবুলত এইটো দ্ৱিতীয়টো আক্ৰমণ। ইয়াৰ পূৰ্বে ৮ আগষ্টত সংঘটিত বিস্ফোৰণত ১৪ গৰাকী লোক নিহত হৈছিল আৰু ১৪৫ গৰাকী লোক আহত হৈছিল।