34 C
Guwahati
Saturday, October 1, 2022
More

    আদানি-আম্বানী ঔৰ পুঁজিপতি কে সাথ বিজেপি কা বিকাশ: ৰিপুন বৰা

    একমাত্ৰ পুঁজিপতিৰ বাবে এই বাজেট

    কালি ঘোষিত হোৱা কেন্দ্ৰীয় বাজেটৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিপুন বৰাই৷ এই বাজেট হেনো আদানি-আম্বানী ঔৰ পুঁজিপতি কে সাথ বিজেপি কা বিকাশ৷ কৰ দাতা সকললৈ সামান্য সকাহৰ বাবে এই বাজেটৰ পৰা সাধাৰণ লোকে একো পোৱা নাই৷ একমাত্ৰ পুঁজিপতিৰ বাবে এই বাজেট৷

    এক সংবাদমেল অনুস্থিত কৰি ৰিপুন বৰাই কয়, অন্তঃসাৰ শূন্য ২০২০ৰ বাজেট৷ এঘাৰ বছৰৰ ভিতৰত সৰ্বনিম্ন GDP৷ প্ৰথম পদক্ষেপতে এই বাজেট বিফল হৈছে৷ জিডিপিৰ লক্ষ্যও ১০লৈ কমাব লগীয়া হৈছে৷ মানুহৰ ক্ৰয় ক্ষমতা আচৰিত ধৰণে কমিছে৷

    চেনছেক্সৰ বিষয়েও মাত মাতে বৰাই, এফালে সীতাৰমণে বাজেট পাঠ কৰি আছে আনফালে হুৰহুৰায় চেনছেক্স কমিছে বুলি উল্লেখ কৰে। লগতে নিজাকৈ ধনৰ কোনো ব্যৱস্থা কৰিব নোৱাৰি মোডী চৰকাৰে ৰিজাৰ্ভ বেংকৰ সঞ্চিত ধনত হাত দিয়া বুলিও দাবি তোলে৷ স্মাৰ্ট চিটিৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়াই নেতাগৰাকীয়ে। ইমান এখন বিশাল দেশত মাত্ৰ পাঁচখন স্মাৰ্ট চিটিৰ কথা আৰু সেই স্মাৰ্ট চিটিৰ ধাৰণাও কাগজতে সীমাবদ্ধ হৈ থাকিব বুলি কয় বৰাই৷ আনহাতে যোৱা বছৰৰে বাজেটৰ ৰে’লৱেৰ ৬হাজাৰ কিলোমিটাৰ বৈদ্যুতিকৰণ কৰিব নোৱাৰিলে বুলিও বিজেপি চৰকাৰৰ গাফিলতি উদঙায়৷

    সংবাদমেলখনত অসমৰ বাবে বাজেটত একোৱেই নাই বুলিও ক্ষোভ উজাৰে ৰিপুন বৰা দেৱে৷ শিৱসাগৰক পাঁচখন প্ৰত্নত্বাত্তিক স্থানৰ ভিতৰত স্থান দিয়াৰ বাবে ধন্যবাদৰ লগতে শিৱসাগৰৰ সৈতে মাজুলীক কিয় নিৰ্বাচন কৰিব নোৱাৰিলে তাক লৈয়ো প্ৰশ্ন উত্থাপিত কৰে। এয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিফলতা৷

    জলসিঞ্চন বিভাগৰ চাকৰিৰ পৰীক্ষাৰ বিসংগতি প্ৰসংগতো উচ্ছ পৰ্যায়ৰ তদন্ত দাবী ৰিপুন বৰাৰ৷ প্ৰশ্ন কাকত ফাদিলত কোনো চৰকাৰী ব্যক্তি জড়িত থাকিব পাৰে বুলিও সন্দেব ব্যক্ত কৰে ৰিপুন বৰাদেৱে৷

    Photo : @jyotishpawanbordoloi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং