বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো।
ডিঙিত স্পষ্ট চিন থকা ফটোখন বহু লোকে নিজৰ নিজৰ একাউণ্ট যোগে শ্বেয়াৰো কৰিছে। পিছে সাৱধান, মহাৰাষ্ট্ৰ চাইবাৰ চেলে জাৰি কৰিছে সাৱধানবাণী।
কিয়নো ফটো খন আপত্তিজনক। কিছু লোকৰ মাজত এই ফটোখনে ভয় ভাব বিয়পাব পাৰে।
আনহাতে আইন অনুসৰি ছচিয়েল মিডিয়া যোগে কোনো ধৰণৰ মৃতদেহ, তেজ আদি থকা ফটো শ্বেয়াৰি কৰাটো অপৰাধ।
তেনে ক্ষেত্ৰত এজন অভিনেতাৰ আত্মহত্যাৰ পিছৰ ফটো কি দৰে ছচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ পালে।
সেয়ে আইন অমান্য তথা কোৰ্টৰ আদেশো অমান্য কৰি এনে ফটো সদৰি হোৱাত সজাগ হৈ পৰিছে চাইবাৰ বিভাগ।
কোনো ভয়ৰ সৃষ্টি কৰা খবৰ পালেই আইন মতে পদক্ষেপ গ্ৰহণ কৰিব মহাৰাষ্ট্ৰ আৰক্ষীয়ে তথা চাইবাৰ বিভাগে।
Photo Credit: @ItsSSR