15 C
Guwahati
Saturday, January 15, 2022
More

    গুৱাহাটী বিমান বন্দৰতে এপাক বিহু মাৰিলে ৰণবীৰ সিং আৰু কাৰ্তিক আৰয়ানে, ভাইৰেল ভিডিঅ’

    আজি জীয়ৰী টিনা আহুজাসৈতে উপস্থিত অভিনেতা গোবিন্দা

    আজি সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব বহু আকাংশিত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত হৈছেহি বহিউডৰ বহু নামি দামি তাৰকা। কালি কিছু সংখ্যক উপস্থিত হোৱাৰ পিছত আজিও অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে কিছু তাৰকা উপস্থিত হয় গুৱাহাটীত।

    কালি দিনত গুৱাহাটীত উপস্থিত হোৱা তাৰকা সকলৰ ভিতৰত অন্যতম আছিল ৰণবীৰ সিং, মাধুৰী দীক্ষিত, কৰণ জোহৰ, কাৰ্তিক আৰয়ান আদি। নিশাৰ ভাগত উপস্থিত হয়হি বিকি কৌশল, অক্ষয় কুমাৰ, মনিশ পল আদি।

    আজি অভিনেতা গোবিন্দা সৈতে জীয়ৰী টিনা আহুজা আৰু সিধান্ত চতুৰ্বেদী আদি উপস্থিত হয়। সকলোকে অসমীয়াৰ মান একোখনকৈ ফুলাম গামোচা পিন্ধাই বিহু নৃত্যৰে আদৰণি জনোৱা হয়।

    পিছে এই সকলোৰে মাজত বিশেষকৈ জিলিকি উঠিছে ৰণবীৰ সিং। কিয়নো বিহু নৃত্যৰ ঢোলৰ চেও আৰু পেপাৰ মাত শুনি অভিনেতা জনেও বিমান বন্দৰতে নাছে এপাক বিহু। ৰণবীৰ সিঙক সংগত কৰে কাৰ্তিক আৰয়ানেও। বৰ্তমানে চছিয়েল মিডিয়াত একেবাৰে ভাইৰেল হৈ পৰিছে এই নৃত্য কৰা ভিডিঅ’।

    Photo and Video Credit:  Viral Bhayani and Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং