31 C
Guwahati
Wednesday, September 28, 2022
More

    কোকৰাঝাৰত দণ্ডাধীশক প্ৰহাৰ আৰক্ষী অধীক্ষকৰ, পিন্ধি থকা ছাৰ্ট পেলালে ফালি, চাওক VIDEO

    কোকৰাঝাৰত দণ্ডাধীশক প্ৰহাৰ আৰক্ষী অধীক্ষকৰ, পিন্ধি থকা ছাৰ্ট পেলালে ফালি, চাওক VIDEO

    কোকৰাঝাৰত আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰহাৰ কৰিলে ACS বিষয়া শৈলেন দাসক। আৱাসৰ পৰা চোঁচৰাই নি মাৰপিট কৰে দণ্ডাধীশ দাসক। আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে ফালি পেলালে দণ্ডাধীশগৰাকীয়ে পিন্ধি থকা ছাৰ্ট।

    আৰক্ষী অধীক্ষক ৰাজেন সিং

    মাৰপিট হোৱাৰ পূৰ্বে দুয়োজনৰ মাজত হৈছিল তৰ্কাতৰ্কি। অৱেশষত সেই তৰ্কাতৰ্কিয়েই ৰূপ লৈ মাৰপিটৰ। আৰক্ষী অধীক্ষক ৰাজেন সিঙে চৰকাৰী আৱাসৰ পৰা চোঁচৰাই লৈ আহে ACS বিষয়া শৈলেন দাসক। সমগ্ৰ দৃশ্য CCTVত বন্দী হৈ ৰ’ল।

    উল্লেখ্য যে, ৯ ছেপ্টেম্বৰত কোকৰাঝাৰৰ এখন হোটেলত অনুষ্ঠিত হোৱা নৈশ পাৰ্টীত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু কোকৰাঝাৰৰ কাৰ্যবাহী দণ্ডাধীশ শৈলেন দাস মিলিত হৈছিল। পাৰ্টীত দণ্ডাধীশগৰাকীয়ে আৰক্ষী অধীক্ষক সিঙক তেওঁৰ সৈতে গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু গান গোৱা বিপৰীতে দণ্ডাধীশগৰাকীক বুকুত ধৰি টানি পাৰ্টীৰ পৰা গতিয়াই বাহিৰ কৰিছিল।

    দণ্ডাধীশ শৈলেন দাসে ক্ষমা খোজাৰ পিছতো কাণতলীয়া চৰ শোধাই পিন্ধি থকা ছাৰ্ট ফালি দিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং