যোৰহাট নেউল গাঁৱত এক শোকাবহ পথ দুৰ্ঘটনা। মথাউৰীৰ পৰা তলত বাগৰি পৰিল প্ৰকোপাইন কঢ়িয়াই অনা এখন ডাম্পাৰ। ডাম্পাৰ খন বাগৰি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই দুজন যুৱকে।
জানিব পৰা মতে, যুৱক দুজন যোৰহাট নিমাতী ঘাটৰ ৰিংকু দাস আৰু পিংকু দাস। সম্বন্ধত নিহত দুয়োগৰাকী যুৱক ককায়েক আৰু ভায়েক আছিল।
ডাম্পাৰ খনৰ নম্বৰ AS 03 AC 4766। ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে এনেদৰে ডাম্পাৰৰ সহায়ত নেউলগাঁৱলৈ প্ৰকোপাইন সমূহ লৈ যোৱা হৈছিল বুলি জনাই স্থানীয় বাসীন্দাই।
Inputs And Photo Credit: RituRaj Phukan