16.4 C
Guwahati
Friday, November 25, 2022
More

    মহানগৰীৰ বেলতলাত ভয়ংকৰ পথ দুৰ্ঘটনা, CCTVত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য

    দুৰ্ঘটনাস্থলীত উপস্থিত থকা লোকসকলে বৃদ্ধগৰাকীক ততালিকে এজাইল হাস্পতালত ভৰ্তি কৰায় যদিও চিকিত্সকে মৃত ঘোষণা কৰে লোকজনক

    সোমবাৰে মহানগৰীৰ বেলতলাত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। ভেটাপাৰা পথত থকা জামে মছজিদৰ সমীপত এখন দ্ৰুতবেগী বাইকে মহতিয়াই থৈ গ’ল এগৰাকী বয়োজ্যেষ্ঠ লোকক। দুৰ্ঘটনাটোত থিতাতে নিহত মমৰেজ আলী নামৰ লোকজন। মছজিদত নামাজ পঢ়িবলৈ আহি উভতি যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

    দুৰ্ঘটনাস্থলীত উপস্থিত থকা লোকসকলে বৃদ্ধগৰাকীক ততালিকে এজাইল হাস্পতালত ভৰ্তি কৰায় যদিও চিকিত্সকে মৃত ঘোষণা কৰে লোকজনক।

    লোকজন পেছাত এজন দৰ্জি আছিল। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাইক চালকৰ। আনহাতে বাইকখনত উঠি অহা আন এজন লোকো আহত হয়। আহত লোকজনৰ নাম আছৰাহুল।

    চাওক ভিডিঅ’:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং