35 C
Guwahati
Wednesday, October 13, 2021
More

    DUSU নিৰ্বাচনঃ ABVPৰ বৃহৎ জয়, সভাপতি-উপসভাপতিসহ ৩টা পদত বিজয় সাব্যস্ত

    DUSUত সভাপতি পদৰ বাবে ABVP-এ অক্ষিত দহিয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। ABVP-এ সভাপতি-উপসভাপতিসহ মুঠ ৩টা পদেৰে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। ইফালে NSUI-এ সম্পাদকৰ পদ লাভ কৰে

    দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংঘ(DUSU) নিৰ্বাচনৰ ফলাফলৰ আজি ভোটগণনা সম্পন্ন হ’ল। ইয়াৰ ৪টা পদৰে ফলাফল ঘোষণা কৰা হৈছে। ABVP-এ সভাপতি, উপ-সভাপতি আৰু সহকাৰী সম্পাদকৰ পদত নিজৰ বিজয় সাব্যস্ত কৰে। আনহাতে, NSUI-এ লাভ কৰে সম্পাদকৰ পদ। ABVPৰ অক্ষিত দহিয়াই সভাপতি পদ লাভ কৰে, উপ-সভাপতি পদত ABVPৰ প্ৰাৰ্থী প্ৰদীপ টনৱৰ আৰু সহকাৰী সম্পাদকৰ পদত শিবাংগী খৰবালে বিজয় সাব্যস্ত কৰে। ইয়াৰোপৰি NSUIৰ প্ৰাৰ্থী আশীষ লাম্বাই জয়ী হয় সম্পাদকৰ পদত।

    সভাপতি পদত ABVPৰ অক্ষিত দহিয়াৰ ১৯ হাজাৰ ভোটত জয়লাভ। উপ-সভাপতি পদত ABVPৰ প্ৰাৰ্থী প্ৰদীপ টনৱৰ ৮,৫৭৪টা ভোটত বিজয় সাব্যস্ত। সহকাৰী সম্পাদকৰ পদত শিবাংগী খৰবালে ৩ হাজাৰ ভোট লাভ কৰে। NSUIৰ লাভ এখন আসন। NSUIৰ প্ৰাৰ্থী আশীষ লাম্বাই সম্পাদকৰ পদত জয়ী হ’বলৈ লাভ কৰে ১,০৫৩টা ভোট।

    উল্লেখযোগ্য যে, কটকটীয়া নিৰাপত্তাৰ মাজতে বৃহস্পতিবাৰে হৈছিল ভোটগ্ৰহণ। পুৱা ৮.৩০ বজাৰ পৰা ১ বজালৈ হৈছিল ভোটগ্ৰহণ আৰু বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭.৩০ বজালৈ হৈছিল ভোটগ্ৰহণ। ভোটদানৰ বাবে ৫২টা ভোটকেন্দ্ৰ প্ৰস্তুত কৰা হৈছিল।

    Photo Credit: deccanchronicle.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং