কেইবা লাখো ভাৰতীয়ৰ নাম বাদ পৰাৰ আশংকা প্ৰকাশ কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে।
কৰ্মচাৰীয়ে কৰা কামৰ ওপৰত সন্দেহ ৰাজ্য চৰকাৰৰ। চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ বক্তব্যত NRCৰ প্ৰতি অনাস্থা প্ৰকাশ পাইছে। প্ৰতীক হাজেলা ভিলেইন হ’ব গৈ আছে।’- এই মন্তব্য সাংসদগৰাকীৰ।
হাজেলা ৰাজ্য চৰকাৰৰ অামোলা। চৰকাৰৰ নিৰ্দেশ মতে কাম কৰি আছে হাজেলাই। পুনৰীক্ষণ নহ’ব বুলি কোৱা পিছতো চৰকাৰৰ নিৰ্দেশত পুনৰীক্ষণ কৰি আছে হাজেলাই। ‘মুখ্যমন্ত্ৰী সোণোৱালৰ মুখত ভাল কথা ভিতৰি ভেজাল’- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালকো কটাক্ষ আব্দুল খালেকৰ।
অমিত শ্বাহৰ কথা বিশ্বাস কৰিব নোৱাৰি, আগন্তুক উপ-নিৰ্বাচনত জনীয়াবাসীয়ে বিজেপিক উফৰাই পুনৰ কংগ্ৰেছকে জয়ী কৰাব জনীয়াত।’- এই মন্তব্য খালেকৰ। বিজেপি দলত আগ্ৰাসী হোৱা লোকসকল সুবিধাবাদী কিন্তু এই সময়ত যিসকল দলত আছে তেওঁলোক সুবিধাবাদী নহয়।
নৱ শৰণীয়াৰ ওপৰত হোৱা আক্ৰমক তীব্ৰ গৰিহণা সাংসদ আব্দুল খালেকৰ।