প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখত হু ইজ বদৰুদ্দিন আজমল নহয়, এইবাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ মুখত হু ইজ হিমন্ত বিশ্ব শৰ্মা। আজি পুৱা ১০ বজাৰ লগে লগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা প্ৰকাশ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে। আৰু তেনে সময়তে এন আৰ চি প্ৰসংগত সন্তুষ্টি প্ৰকাশ কৰা দেখা নগ’ল সাংসদ আব্দুল খালেককো।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বৰপেটাৰ সাংসদগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰিয়ে প্ৰথমে আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। শুকুৰবাৰে এন আৰ চি জাতীয় দলিল নহয় বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক কঠোৰ সমালোচনা কৰি সাংসদজনে কয় – হু ইজ হিমন্ত বিশ্ব শৰ্মা। লগতে এন আৰ চি প্ৰস্তুত কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক হিমন্ত বিশ্বই প্ৰত্যাহ্বান জনাব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে আব্দুল খালেকে। হিমন্তৰ মন্তব্যই উচ্চতম ন্যায়ালয়, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তাচ্ছিল্য কৰিছে বুলিও কয় আব্দুল খালেকে।
যদি শুদ্ধ এন আৰ চি প্ৰস্তুতত চৰকাৰ ব্যৰ্থ হৈছে, তেনেহ’লে চৰকাৰৰ প্ৰতিনিধি হিচাপে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পদত্যাগ কৰাৰ দাবী তোলে আব্দুল খালেকে। উদাহৰণসহ এন আৰ চিৰ চূড়ান্ত তালিকাত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰাৰ অভিযোগ সাংসদগৰাকীৰ অৱশ্যে এন আৰ চি প্ৰস্তুতৰ বাবে উচ্চতম ন্যায়ালয়, প্ৰতীক হাজেলা আৰু ভাৰতৰ মহা পঞ্জীয়কক অভিনন্দন খালেকৰ। সাংসগৰাকীৰ মতে এন আৰ চিক লৈ বিজেপি নেতাই কৰা মন্তব্য গুৰুত্বহীন। আনহাতে বিদেশী ন্যায়াধিকৰণৰ সদস্য নিযুক্তি প্ৰক্ৰিয়াৰ পুনৰীক্ষণৰ দাবীও উত্থাপন কৰে বৰপেটাৰ সাংসদজনে।