30 C
Guwahati
Tuesday, September 27, 2022
More

    বিজেপিৰ সংকল্প সমাৰোহৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছু; ডিব্ৰুগড়ত লক্ষাধিক লোকেৰে ‘কা’ৰ বিৰুদ্ধে বিশাল সমাৱেশ

    ২৯ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলা আছুৱে 'কা'ৰ বিৰুদ্ধে আয়োজন কৰিছে 'জনতাৰ অগ্নিকণ্ঠ' শীৰ্ষক এক বিশাল গণ সমাৱেশ

    এইবাৰ বিজপিৰ সংকল্প সমাৰোহৰ প্ৰত্যুত্তৰ দিব ডিব্ৰুগড় জিলা আছুৱে। ২৩ ফেব্ৰুৱাৰীত উজনিৰ ৫ খন জিলা সামৰি ডিব্ৰুগড়ৰ খনিকৰত বিজেপিয়ে অনুষ্ঠিত কৰিছিল সংকল্প সমাৰোহ। বিভিন্ন প্ৰলোভনেৰে বিজেপিয়ে সংকল্প সমাৰোহত গোটাইছিল লক্ষাধিক লোক।

    এইবাৰ বিজেপিৰ এই সংকল্প সমাৰোহৰ প্ৰত্যুত্তৰ দি ২৯ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলা আছুৱে ‘কা’ৰ বিৰুদ্ধে আয়োজন কৰিছে ‘জনতাৰ অগ্নিকণ্ঠ’ শীৰ্ষক এক বিশাল সমাৱেশৰ।

    ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এই সমাৱেশত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য,সভাপতি দীপাংকৰ নাথ,আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি শিল্পী সমাজ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং