প্ৰকাশ পালে বহু প্ৰতীক্ষিত জাতীয় দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। পিছে এন আৰ চি প্ৰকাশক লৈ সন্তুষ্ট নহয় সদৌ অসম ছাত্ৰ সন্থা। গুৱাহাটীত এক সংবাদমেলত ছাত্ৰ সংগঠনটোৰ নেতাৰ মন্তব্য ক্ৰুটি ৰ’ল, সম্পূৰ্ণ নহ’ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু এই ক্ৰুটি দূৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু।
ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা স্পষ্ট হোৱা বুলিও গুৰুতৰ অভিযোগ। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যথেষ্ট সুযোগ সুবিধা পাইছিল কিন্তু উভয় চৰকাৰৰ ব্যৰ্থতাৰ বাবে ল’ব নোৱাৰিলে এই সুযোগ।
সংবাদমেলত এই অভিযোগ তুলি ক’লে প্ৰথমে, দাবী আৰু আপত্তি নিষ্পত্তিৰ সময়ত ১০টা নথিৰ ঠাইত ১৫টা নথি গ্ৰহণ কৰালে, দ্বিতীয়তে নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ছোৱাত বিষয়াৰ বদলিকৰণ অব্যাহত আছিল, তৃতীয়তে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰৰ উদ্যোগত দাখিল নকৰিলে আপত্তি, চতুৰ্থতে আইনৰ ৪.৩ দফা ব্যৱহাৰ কৰি চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা নহ’ল অনুসন্ধানৰ।
পঞ্চমতে, চৰকাৰীভাৱে অবৈধ বিদেশীৰ নাম প্ৰেৰণ কৰা নহ’ল ন্যায়াধিকৰণলৈ। এইবোৰ মুখ্য কাৰণতে অবৈধ বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC প্ৰস্তুত কৰিবলৈ চূড়ান্তভাৱে ব্যৰ্থ হ’ল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ।