17 C
Guwahati
Saturday, January 15, 2022
More

    গহপুৰত আছুৱে ইংৰাজী নাম ফলকত সানিলে ক’লা ৰং; অসমীয়াত লিখিবলৈ সকিয়নী

    ১৬ জানুৱাৰীৰ ভিতৰত ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়ৰ নাম ফলক অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰিছিল কিন্তু কাৰ্যত সেয়া হৈ নুঠিল

    অসমীয়া ভাষা ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আছুৱে লৈছে বিশেষ পদক্ষেপ। কিছুদিন পূৰ্বে গহপুৰ মহকুমা আছু, মহকুমা প্ৰশাসন আৰু ব্যৱসায়ী সন্থাৰ মাজত এলানি আলোচনা হৈছিল। ইয়াৰ সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ ভিতৰত ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়ৰ নাম ফলক অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক আছিল।

    কিন্তু আজি পৰ্যন্ত গহপুৰ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ নহ’ল। সেই হেতুকে আজি গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ইংৰাজী আৰু অন্য ভাষাত লিখা ব্যৱসায় প্ৰতিষ্ঠানৰ নাম ফলকত ক’লা ৰং সনাৰ লগতে বেনাৰ ফালিও প্ৰতিবাদ সাব্যস্ত কৰে।

    লগতে অতি শীঘ্ৰে ব্যৱসায় প্ৰতিষ্ঠান আৰু চৰকাৰী,বে-চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাত নাম ফলক লিখিবলৈ সকিয়নী দিয়ে। আছুৰ এই পদক্ষেপৰ শলাগ লৈছে গহপুৰবাসীয়ে।

    Photo Credit:@moongogoi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং