27 C
Guwahati
Wednesday, October 13, 2021
More

    CAB অনুমোদনৰ পিছতে আছুৰ প্ৰতিবাদ; প্ৰতিকৃতি লৈ অভিনৱ প্ৰতিবাদ

    সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিৎ দাস, অতুল বৰা আৰু কেশৱ মহন্তৰ প্ৰতিকৃতি লৈ অভিনৱ প্ৰতিবাদ। প্ৰতিবাদৰ অন্তত প্ৰতিকৃতিসমূহ দাহ কৰে ৰাজপথৰ মাজতে

    কেন্দ্ৰই CAB অনুমোদন কৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে এতিয়া ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি। লখিমপুৰ জিলা ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। সৰ্বানন্দ সোণোৱালক জাতিৰ দালাল আখ্যা আছুৰ । প্ৰতিবাদস্থলীত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধনমনি দত্তই কয় যে- একালত আছুৰ মজিয়াৰ পৰাই গৈ আজি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’ল । সেইগৰাকী সৰ্বানন্দ সোণোৱাল এতিয়া বিজেপি আৰু RSSৰ আজ্ঞাবাহী হৈ পৰিছে। সংবিধানবিৰোধী কেবক লৈ অসম জ্বলোৱাৰ হুংকাৰ দিছে ছাত্ৰ সন্থাই। প্ৰতিবাদকাৰীসকলে কেৱল মন্ত্ৰীত্ব ৰক্ষাৰ স্বাৰ্থত অগপৰ ৩ মন্ত্ৰীয়ে নীৰৱে কেবক মানি লোৱা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰে।

    photo: Time8

    সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিৎ দাস, অতুল বৰা আৰু কেশৱ মহন্তৰ প্ৰতিকৃতি লৈ অভিনৱ প্ৰতিবাদ। প্ৰতিবাদৰ অন্তত প্ৰতিকৃতিসমূহ দাহ কৰে ৰাজপথৰ মাজতে।

    ইফালে কেব বাতিলৰ দাবীত লখিমপুৰৰ নাওবৈছাতো ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। নাওবৈচা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অৱৰোধ কৰিলে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। জাতিধ্বংসী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং