21 C
Guwahati
Sunday, October 24, 2021
More

    ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড-ভণ্ড; ৭জন সদ্যসক আটক

    ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এক গোচৰ

    ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ৭ জন সদস্যক আটক ডিব্ৰুগড় সদৰ আৰক্ষীৰ। কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ অগপৰ ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড ভণ্ড কৰা অভিযোগত আটক কৰা হৈছে আছুৰ সদস্যকেইজনক। ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এক গোচৰ।

    উল্লেখ্য যে দেওবাৰে অগপৰ ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড-ভণ্ড কৰিছিল প্ৰতিবাদকাৰী আছুকৰ্মীয়ে। কম্পিউটাৰকে ধৰি বহু আচবাবো ভাঙি নষ্ট কৰিছিল একাংশ আছু কৰ্মীয়ে। অগপই নাগৰিকত্ব সংশোধনী বিলখন সমৰ্থন কৰাৰ পিছতে আছু কৰ্মীয়ে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰিছিল অগপ কাৰ্যালয়। আছু কৰ্মীৰ এই কাণ্ডৰ পিছতে উত্তাল হৈ পৰিছিল সমগ্ৰ অঞ্চল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং