29 C
Guwahati
Saturday, October 23, 2021
More

    বিজেপি বিধায়কৰ সৈতে চৰকাৰী অনুষ্ঠানত উপস্থিত থাকি বহিষ্কৃত আছু নেতা

    বহিষ্কাৰৰ এই ঘটনাত আছুৰে একাংশ লোক জড়িত থকাৰ অভিযোগ আছু নেতাগৰাকীৰ

    বিজেপিৰ বিধায়ক উপস্থিত থকা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবেই নেতৃত্বৰ ৰোষত পৰিল আছু নেতা৷ বিধায়ক উপস্থিত থকা চৰকাৰী আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি বহিষ্কৃত হ’ল আছু নেতাগৰাকী৷ ঘটনাটো সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত৷

    বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ গৈছিল বিশ্বনাথঘাটৰ মটক গাঁৱৰ নামঘৰলৈ৷ নামঘৰৰ আন্তঃগাঠনিৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ জৰিয়তে প্ৰদান কৰা হৈছিল পুঁজি৷ এই উপলক্ষে নামঘৰত আয়োজন কৰা শুভাৰম্ভণি অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে উপস্থিত আছিল গাঁৱখনৰে বাসিন্দা তথা বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীন মটক৷

    পিছে অনুষ্ঠানত উপস্থিত থকাই কাল হ’ল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি গৰাকীৰ৷ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগত একেলগে উপস্থিত থাকি উন্নয়নমুলক আঁচনিৰ কাম শুভাৰম্ভণি কৰাৰ ফটো ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতেই ৰোষত পৰিল জিলা ছাত্ৰ সন্থাৰ নেতৃত্বৰ৷

    এই ঘটনাৰ পিছতেই সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই জৰুৰী বৈঠক আহ্বান কৰি সংবিধান বিৰোধী কাৰ্য কৰাৰ অভিযোগ তুলি ছাত্ৰ সন্থাৰ পৰা অৱ্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰবীন মটকলৈ প্ৰেৰণ কৰে এখন পত্ৰ৷ আশ্বৰ্য্যকৰ বিষয় ১৮ বছৰ ধৰি ছাত্ৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা প্ৰবীন মটকক নিজৰ আত্মপক্ষ সমৰ্থনৰ সুযোগেই প্ৰদান নকৰিলে নেতৃত্বই৷

    উল্লেখ্য যে ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে নামি পৰিছিল প্ৰবীন মটক আৰু এগৰাকী নেতাক সামান্য কথাতে বহিষ্কাৰ কৰা কাৰ্যত স্বাভাৱিকতে আছুৰ মহলতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ আনহাতে অনুষ্ঠানত উপস্থিত থকাৰ ফটো ছচিয়েল মেডিয়াত শ্বেয়াৰ কৰি এটা চক্ৰই ষড়যন্ত্ৰ কৰাৰ কথা প্ৰকাশ কৰে প্ৰবীন মটকে।

    Photo Credit : @sayanika-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং