আছুত থাকোতে মমিনুল আৱালে গোপন মিতিৰালি কৰিছিল AAMSUৰ সৈতে। বিজেপিত টিকট দিয়াৰ নামত ধনৰ লেনদেন কৰিছিল আৱালে।’- বিজেপি নেতা মমিনুল আৱালক প্ৰত্যুত্তৰ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। কংগ্ৰেছ, AIUDF আৰু বিজেপি একেই বুলি মত প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে।
মুখপাত্ৰৰ পৰা খেদা খোৱা মমিনুল আৱালৰ আছু সম্পৰ্কে মাত মতাৰ অধিকাৰ নাই। কংগ্ৰেছ আৰু AIUDFক লাগে ধৰ্মীয় সংখ্যালঘুৰ ভোট, বিজেপিক লাগে ভাষিক সংখ্যালঘুৰ ভোট।’- কংগ্ৰেছ, AIUDF আৰু বিজেপিক কটাক্ষ আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ।
CABৰ বিৰুদ্ধে লজ্জাজনকভাৱে নিৰৱতা অৱলম্বন কৰি মুখ্যমন্ত্ৰীয়ে জাতিটোক প্ৰৱঞ্চনা কৰিছে, চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা শিক্ষা লওক সোণোৱাল আৰু অগপই। আছুৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি। আছুৰ অভিভাৱক হ’বলৈ যত্ন নকৰিব, অসমৰ ৰাইজৰ কথা মতেহে চলিছে আছু আৰু ৰাইজৰ মতেই চলিব।’- বুধবাৰে বিজেপি নেতা মমিনুল আৱালে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ।
ধৰ্মীয় উন্মাদনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, চৰকাৰে কঠোৰ হাতেৰে ইয়াক দমন কৰক। ধৰ্মীয় শুভাযাত্ৰাত লাঠি, দা, তৰোৱাল, পিস্তল এইবোৰ নিষিদ্ধ কৰক।’- ডিব্ৰুগড়ত মহৰহৰ নামত চলোৱা তাণ্ডৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া আছুৰ সাধাৰণ সম্পাদকৰ।
আকৌ উচ্চতম ন্যায়লয়ৰ দ্ৱাৰস্থ হ’ব আছু, অচিৰেই ন্যায়ালয়লৈ যাব ছাত্র সংগঠনটো, ইতিমধ্যে অধিবক্তাৰ সৈতে যোগাযোগ কৰিছে আছুৱে।’- বিদেশীৰ নাম NRCত অন্তৰ্ভুক্ত হোৱাকলৈ ক্ষুব্ধ আছু।
উল্লেখযোগ্য যে, বুধবাৰে বিজেপি নেতা মমিনুল আৱালে আছু সন্দৰ্ভত কৰিছিল মন্তব্য। আছু আৰু কংগ্ৰেছৰ সুৰ আজি একেই, কংগ্ৰেছ আৰু আছুৰ বৰ্তমানৰ নেতৃত্ব এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। প্ৰব্ৰজনকাৰী মুছলমানৰ ওচৰত আঠু লৈছে লুৰিণে। বৰ্তমানৰ আছুৰ নেতৃত্ব পৰাজিত সৈনিক। এই বুলি মন্তব্য কৰিছিল বিজেপি নেতাগৰাকীয়ে।