25.8 C
Guwahati
Sunday, October 17, 2021
More

    BIG BREAKING: সত্ৰপীঠ মাজুলীত স্বামীৰ সন্মুখতেই পত্নীক উপৰ্যুপৰি ধৰ্ষণ দুই লম্পটৰ

    মিচিং জনগোষ্ঠীৰ দুই লম্পটে দম্পতীটো উক্ত জনগোষ্ঠীটোৰ নহয় বুলি ভাবিয়েই কৰে নিৰ্যাতন

    সত্ৰপীঠ মাজুলীত সংঘটিত হৈছে এক লোমহৰ্ষক ভয়ংকৰ কাণ্ড ৷ স্বামীক মাৰধৰ কৰি স্বামীৰ সন্মুখতেই পত্নীক উপৰ্যুপৰি ধৰ্ষণ দুই পাষণ্ডৰ ৷ যোৱা পাঁচ নৱেম্বৰতে সংঘটিত হৈছিল সভ্য সমাজক লজ্জানত কৰা এই নৃশংস কাণ্ড ৷ যোৰহাটৰ পৰা মাজুলীৰ কংকুৰ চাপৰিৰ আত্মীয়ৰ ঘৰত ফুৰিবলৈ অহা দম্পতীটোক সন্ধিয়া বালিজান চাপৰিত আৱদ্ধ কৰি দুই লম্পটে কৰে উপৰ্যুপৰি ধৰ্ষণ ৷

    মিচিং জনগোষ্ঠীৰ দুই লম্পটে দম্পতীটো উক্ত জনগোষ্ঠীটোৰ নহয় বুলি ভাবিয়েই কৰে নিৰ্যাতন ৷ আনকি লম্পট দুটাই তেওঁলোকৰ নিজা মোবাইলৰ জৰিয়তে দম্পতীটোৰ আত্মীয়ক দম্পতীটো মিচিং জনগোষ্ঠীৰ হয় নে নহয় নিশ্চিত কৰে যদিও দম্পতীটোৰ চেহেৰা মিচিং জনগোষ্ঠীৰ লগত নিমিলা বাবেই সংঘটিত কৰে এই নৃশংস কাণ্ড ৷

    Video Credit: Time8

    ইতিমধ্যে মিচিং সমাজক লজ্জানত কৰা ধৰ্ষণকাণ্ডৰ অভিযুক্ত দুই লম্পট ক্ৰমে পদ্ম কুলি আৰু গৰ্গৰাম টাইডক গ্ৰেপ্তাৰ কৰিছে বঙালমৰা আৰক্ষীয়ে ৷ বিবাহিত দুই লম্পট এটিকৈ কণমানি সন্তানৰো পিতৃ ৷

    উল্লেখযোগ্য যে বিশেষকৈ অপৰাধী যুৱকদ্বয়ে তেওঁলোকৰ ফোনৰ পৰা দম্পতীটোৰ আত্মীয়লৈ কৰা ফোনৰ আঁত ধৰিয়েই আৰক্ষীয়ে চিনাক্ত কৰে অপৰাধীদ্বয়ক ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং