29 C
Guwahati
Saturday, October 23, 2021
More

    ডিমৌত ধাবাৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

    এমাহ পূৰ্বে মিলা ঘাটোৱাৰৰ লগত বিবাহপাশত আৱদ্ধ হোৱা বিশাল নায়কে নিশা মিলা ঘাটোৱাৰক মুখত সোপা দি হত্যা কৰাৰ সন্দেহ ডিমৌ আৰক্ষীৰ। ঘটনা সংঘটিত কৰিয়ে ধাবাৰ পৰা নিশাই পলায়ন কৰে হত্যাকাৰী বিশাল ঘাটোৱাৰ

    ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত লগুৱাবাৰীৰ আসাম ধাবাত হত্যাকাণ্ড। ধাবাখনৰ নিৰ্মীয়মান পকীঘৰৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী বনকৰা মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকী ৰাজমাই কাকজংঘলৰ মিলা ঘাটোৱাৰ(২৫)। ধাবাখনৰ কৰ্মচাৰী বিশাল নায়কে হত্যা কৰাৰ সন্দেহ ধাবাখনত কৰ্মৰত অন্য কৰ্মচাৰীৰ।

    এমাহ পূৰ্বে মিলা ঘাটোৱাৰৰ লগত বিবাহপাশত আৱদ্ধ হোৱা বিশাল নায়কে নিশা মিলা ঘাটোৱাৰক মুখত সোপা দি হত্যা কৰাৰ সন্দেহ ডিমৌ আৰক্ষীৰ। ঘটনা সংঘটিত কৰিয়ে ধাবাৰ পৰা নিশাই পলায়ন কৰে হত্যাকাৰী বিশাল ঘাটোৱাৰ। ঘটনাস্থলীত ডিমৌৰ স্থানীয় দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ডিমৌ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

    • ডিমৌৰ পৰা ইফটিকাৰ ৰহমানৰ প্ৰতিবেদন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং