25 C
Guwahati
Thursday, October 6, 2022
More

    নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

    এখন অঙ্গনবাড়ী কেন্দ্ৰত সহায়িকা হিচাপে কৰ্মৰত আছিল মৃত মহিলাগৰাকী

    নলবাৰীৰ বালিতাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল বাঁহজানীৰ এগৰাকী মহিলাৰ। লকডাউন শিথিল কৰাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। আজি পুৱাই তেনেই এক পথ দুৰ্ঘটনাত বাঁহজানীৰ মহিলাগৰাকীৰ মৃত্যু হয়। নিহত মহিলা গৰাকীৰ নাম সৰলা চৌধুৰী (৪৫)।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নলবাৰীৰ নিজ বাঁহজানী গাওঁৰ গোবিন্দ চৌধুৰীৰ পত্নী সৰলা চৌধুৰীয়ে ভটিজাকৰ সৈতে AS-14-D-5739 নম্বৰৰ বাইক এখনেৰে বাগানপাৰালৈ গৈ আছিল। বাগানপাৰাৰ আত্মীয় পৰিয়াল এটাৰ গৃহলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

    নলবাৰী ধমধমা পথৰ বালিতাৰাত এখন তীব্ৰবেগী ডাম্পাৰে খুন্দিয়াই বাইক আৰোহী দুয়োগৰাকীকে। পিছে কৌশলেৰে বাইক চালক যুৱক জনে নিজকে বচাবলৈ চেষ্টা কৰে যদিও ডাম্পাৰৰ খুন্দাত চিটিকি পৰে সৰলা চৌধুৰী নামৰ মহিলা গৰাকী।

    দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে গুৰুতৰভাৱে আহত মহিলা গৰাকীক নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মহিলা গৰাকীক মৃত ঘোষণা কৰে। অবশ্যে বাইক চালকজন বিশেষ ক্ষয় ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে। নিজ বাঁহজানীত এখন অঙ্গনবাড়ী কেন্দ্ৰত সহায়িকা হিচাপে কৰ্মৰত মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পৰিয়াল আৰু গাওঁ খনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

    Photo Credit: @hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং