22 C
Guwahati
Sunday, November 27, 2022
More

    চামগুৰিৰ ৰাজপথত নিজ বাৰীৰ শাক-পাচলি বিক্ৰী উচ্চ শিক্ষিত যুৱকৰ

    নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লক্ষীৰঞ্জন কাকতি

    চামগুৰিৰ ৰাজপথত এজন যুৱকক লৈ ছচিয়েল মিডিয়াত বহুল প্ৰচাৰ।যুৱকজনৰ নাম লক্ষীৰঞ্জন কাকতি। চামগুৰিৰ হেমাৰবৰীৰ লক্ষীৰঞ্জনে এতিয়া এনেদৰেই গাঁৱে গাঁৱে বিক্ৰী কৰিছে নিজৰ বাৰীৰ শাক-পাচলি। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে লক্ষীৰঞ্জনে ঠেলাগাড়ীত শাক-পাচলি বিক্ৰী কৰি থকা ফটো। লক্ষীৰঞ্জন এজন উচ্চ শিক্ষিত যুৱক। নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লক্ষীৰঞ্জন।

    উচ্চ শিক্ষিত আৰু সকলোৰে পৰিচিত হৈও এনেদৰেই চামগুৰিৰ ৰাজপথত লক্ষীৰঞ্জনে বিক্ৰী কৰি ফুৰিছে শাক-পাচলি। লক্ষীৰঞ্জনৰ এনে কাৰ্যই এতিয়া উৎসাহিত কৰিছে বহু যুৱকক।লক ডাউনৰ বাবে বহু দৰিদ্ৰ কৃষকৰ ঘৰৰ শাক-পাচলি বজাৰৰ অভাৱত ঘৰতেই গেলিছে। লক্ষীৰঞ্জনো এজন কৃষক, ঘৰতেই শাক-পাচলিৰ খেতি। কিন্তু এই শাক-পাচলি পথাৰত গেলিবলৈ এৰি নিদি এনেদৰেই ঘৰে ঘৰেই বিক্ৰী কৰিছে শাক-পাচলি।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং