27 C
Guwahati
Wednesday, June 29, 2022
More

    এজন পাচলি ব্যৱসায়ীক মৰিয়াই মৰিয়াই হত্যা হাজোত

    হাজোৰ মনাহকুচিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। সনাতন দাস নামৰ এজন পাচলি ব্যৱসায়ীক মৰিয়াই মৰিয়াই হত্যা। ৫ জন লোকে মিলি অতি নৃশংসভাৱে হত্যা কৰে সনাতন দাসক।

    হত্যাকাৰী ৫জন হৈছে ফইজুল আলী, লজলিল আলী, শবিৰ আলী, ইউচুব আলী আৰু ফিৰজাহান আলী। সনাতন দাসে শ্ৰমিক হিচাপে কাম কৰিছিল এটা কোম্পানীত কিন্তু লকডাউনৰ সময় চোৱাত আৰ্থিক সংকটৰ বাবে পাচলি বিক্ৰী কৰিবলৈ লৈছিল।

    এদিন পাচলি বিক্ৰীৰ বাবে ওলাই যাওতেই ৰাজপথত এটা সাধাৰণ দুৰ্ঘটনাত সনাতন দাসৰ চাইকেলে খুন্দা মাৰে লজলিল আলী আৰু ফাইজুল হকৰ গাড়ীত। সেই সামান্য কথাতেই ফাইজুল আৰু লজলিল জপিয়াই পৰে সনাতন দাসৰ ওপৰত।

    জানিব পৰা মতে ফাইজুল হক এগৰাকী AGP নেতাৰ ভাতৃ। ক্ষমতাৰ কোব ইমানেই মূৰত উঠে যে, ফাইজুলে সনাতন দাসক হত্যা কৰিবলৈ মাতি আনে আন্য তিনিজন বন্ধু খবিৰ আলী, ইউচুব আলী আৰু ফিৰজাহান আলীক। ইতিমধ্যে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। হত্যাকাৰীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

    Photo Credit: @mridulpritomdeka

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং