25 C
Guwahati
Wednesday, October 20, 2021
More

    গোৱালপাৰা ডিটেনশ্বন কেম্প পৰিদৰ্শন কৰিবলৈ অহা দিল্লীৰ প্ৰতিনিধিক অসম সীমান্ততে বাধা আৰক্ষী আৰু সেনা বাহিনীৰ

    কোকৰাঝাৰ জিলা প্ৰশাসনে ১৪৪ ধাৰা আৰোপ কৰি প্ৰতিনিধি দলটোক সীমান্তৰ পৰাই পুনৰ ওভতাই পঠিয়াই

    গোৱালপাৰা জিলাৰ মাটিয়াত নিৰ্মানাধীন ডিটেনশ্বন কেম্প পৰিদৰ্শন কৰিবলৈ অহা প্ৰতিনিধি দলক অসম-বংগ সীমান্তৰ শিমুলটাপুত বাধা প্ৰদান অসম আৰক্ষী আৰু সেনা বাহিনীৰ৷ উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত কোনো ডিটেনশ্বন কেম্প নাই বুলি ঘোষণা কৰিছিল।

    পিছে অসমৰ গোৱালপাৰা জিলাত ডিটেনশ্বন কেম্প নিৰ্মাণ হৈ থকা বুলি গোৱালপাৰা জিলা উপায়ুক্তৰ পৰা জানিব পাৰি ‘খোদা-এ-খিদ্মতগাৰ’ নামৰ সংগঠনটোৱে কালি সেই কেম্প পৰিদৰ্শনৰ বাবে আহে। বিয়লি দুই মান বজাত অসম সীমান্তত উপস্থিত হোৱাৰ পিছতে অসম আৰক্ষীয়ে দলটোক অসমত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে৷

    কোকৰাঝাৰ জিলা প্ৰশাসনে ১৪৪ ধাৰা আৰোপ কৰি প্ৰতিনিধি দলটোক অসম সীমান্তৰ পৰাই পুনৰ ওভতাই পঠিয়াই৷ আৰক্ষী আৰু সেনাই দলটোক বাধা প্ৰদান কৰাত প্ৰতিনিধি দলটোৰ নেতৃত্ব প্ৰদান কৰা ‘খোদা-এ-খিদ্মতগাৰ’ৰ মুখ্য আহ্বায়ক ফৈজল খানে
    বাৰম্বাৰ প্ৰৱেশৰ বাবে অনুৰোধ কৰিও বিফল হয়।

    আৰক্ষীৰ এনে স্থিতিত খানে আক্ষেপ কৰি কয় যে তেওঁলোকে কোনো আন্দোলন বা প্ৰতিবাদ কৰিবলৈ অহা নাছিল৷ কেৱল কেম্প পৰিদৰ্শনৰ উদ্দেশ্যেহে আহিছিল। প্ৰায় আধা ঘন্টা ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰি অৱশেষত যাত্ৰা সিমানতে সামৰি উভতি যাৱলৈ বাধ্য হয় দলটো৷

    Inputs And Photo Credit: Biswajit Chodhury

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং